অনুগল্প

পাখি চাই উৰণ

বহু বছৰৰ মূৰত শৈশৱৰ লগৰী পৰিস্মিতাক আকস্মিক ভাৱে লগ পাই উৎফুল্লিত হৈ পৰিল অৰুণিমা l আজি গাঁৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া অৰুণিমাৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পতিয়ে আঁত ধৰা সাংস্কৃতিক সভাখন উদ্বোধন কৰিবলৈ আহিছে পৰিস্মিতাৰ স্বামী প্ৰখ্যাত উদ্যোগপতি অমিতাভ ৰাজখোৱা l তেওঁৰ লগতে পৰিস্মিতাও আহিছে I সভাৰ মাজতে চেগ বুজি অৰুণিমাই জোৰ কৰি বান্ধৱী পৰিস্মিতাক নাতি দূৰত থকা নিজৰ ঘৰলৈ লৈ আহিল I পদূলি মুখৰ শেৱালি, তগৰ আৰু পিৰালিৰ খৰিকাজাঁই কেইজোপাই আগুৰি থকা আটোমটোকাৰিসৰু ঘৰটোৰ জপনা খুলিয়েই অৰুণিমাই উচাহেৰে শাহুৱেক আৰু গাঁৱৰ মহাবিদ্যালয়তে পঢ়া ল’ৰা-ছোৱালী হালকো মাতি আনি বান্ধৱীৰ সৈতে পৰিচয় কৰাই দিলে l আনন্দত তগবগাই থকা অৰুণিমাৰ হাঁহিভৰা মুখখন দেখিয়েই পৰিস্মিতাই বুজিলে তাই মনৰ জোখাৰেই সুখী ! বিদেশত অধ্যয়নৰত পুত্ৰ-কন্যা, ঐশ্বৰ্য্য বিভূতিৰে সম্পদশালী পৰিস্মিতাৰ নিজকে অৰুণিমাৰ ওচৰত কিয় জানো বৰ নিঃকিন যেন লাগিল ! পৰিস্মিতাই অৰুণিমাক সুধিয়েই পেলালে “তোক বৰ সুখী যেন লাগিছে অৰু, ইয়াৰ ৰহস্য কি ক’চোন !” অৰুণিমায়ো মোহনীয় হাঁহিটো মাৰি ক’লে “নেদেখাজনৰ কৃপাত মই সুখীয়েই পৰি, কাৰণ মই জানোঁ পখীৰ উৰণ পাখিৰ সামৰ্থ্য মতেহে হয় I

ড. আৰাধনা বৰুৱা, পাঠশালা

Leave a Reply

Your email address will not be published. Required fields are marked *