খাদ্য সম্ভাৰ

বড়ো জনগোষ্ঠীয় বিলাহীৰ সৈতে গাহৰিৰ মাংস।

উপকৰণ সমূহ :

1. আধাকেজি গাহৰি মাংস

2. মিঠাতেল জোখমতে

3. আদা+নহৰু+জিৰা+কেচা জলকীয়া পেষ্ট

4. মজলীয়া পিয়াজ 3টা লগতে 3-4টা বিলাহী

5. এখিলা তেজপাত

6. নিমখ আৰু হালধি জোখৰ

ৰন্ধন প্ৰণালী :

1. পিঁয়াজখিনি গৰম তেলত ৰঙচুৱাকৈ ভাজি লব।

2.হালধি আৰু নিমখ জোখৰ দি দিব।

3. মাংস খিনি পেনখনত দি লৰাই থাকিব।

4. মছলা পেষ্ট আৰু তেজপাত দি মাংসখিনি ৰঙচুৱাকৈ ভাজি তাত সৰু সৰুকৈ কাটি লোৱা 3-4 টা বিলাহী দি আকৌ ভালদৰে ভাজিব। পেনখনত মাংসৰ সৈতে তেল উঠি অহাকৈ ভাজিব।

5.শেষত মাংসখিনি ডুবি যোৱাকৈ পানী দি 20মিনিত উতলাই দিব। পানী উতলি শেষ হোৱাৰ পিছত মাংস খাবলৈ প্ৰস্তুত।

👨‍🍳 ৰাজীৱ কায়স্থ

Leave a Reply

Your email address will not be published. Required fields are marked *