ধাৰাবাহিক

চেন্নাইত চাৰিমাহ (১)

চেন্নাইৰ কনমানি ফ্লেটটোত মই মোৰ ল’ৰাটোৰ লগত বাস কৰিলো চাৰিটা মাহ । তাত মোক কামত সহায় কৰিবলৈ কোনো সহায়কাৰী নাছিল , নাছিল কথা পাতিব পৰা কোনো প্ৰতিবেশীও । অথচ তাত মই মোৰ তিনিখনকৈ শ্লীপদ দিক্চ লৈ সকলো কাম কৰিছিলো। অৱশ্যে কাপোৰ কানি ধোৱা মেচিনতেই হৈছিল , ২৪টা ঘণ্টাই পানী উপলদ্ধ আছিল বাবে পানীৰ সমস্যাৰপৰা সম্পূৰ্ণ মুক্ত আছিলো । আমাৰ শোৱা আৰু উঠা দুয়োটাই পলম হৈছিল তেতিয়া অসমতকৈয়ো , যিহেতু মোৰো ৰুটিনখন ল’ৰাৰ লগত মিলি গৈছিল সেয়ে । পুৱাই তাক জগাও মই , সি পাঁচ মিনিট সময় লয় সদায়ৰ দৰেই , তাৰ পাছত ব্ৰাছ কৰি বাথৰুম গৈ সি ৰেদি হয় তাৰ ক্লাছৰ বাবে । মই আগতেই ৰেদি কৰি থোৱা টিচাৰ্টটো আৰু হাফপেণ্টটো আগবঢ়াই দিওঁ , সিয়ো কোনোদিনে আপত্তি নকৰাকৈ পিন্ধে আৰু ওলাই যায় । যাঁওতে মুল দুৱাৰৰ চাবিটো লৈ যাব দিও যাতে মই বাথৰুমত সোমাই থাকিলে বা শুই থাকিলে সি যাতে বাহিৰত ৰৈ থাকিবলগীয়া নহয় । সি তাক খূড়াকে দিয়া চাইকেলখন লৈ তাৰ ইন্টিটিউটলৈ যায় , মই লিফ্টত উঠালৈকে চাই থাকো ।

ল’ৰা যোৱাৰ পাছতে মোৰ কাম আৰম্ভ হয় । তেতিয়া প্ৰায় দহটাই বাজে সদায় । চাহ একাপ বিস্কুটৰ সৈতে খাওঁ , তাৰপাছতে কনমানি কিটচেনটো চাফা কৰো , বাচন থাকিলে ধুই পেলাও , বেচিনটোও চাফা কৰো , টাইলচ সদায় মোহাৰো , মাজে মাজে কাপবৰ্দবোৰো মোহাৰো । তেনেতে পেটে পুনৰ উকমুকনি দিয়ে , মই তাত থকা সময়ত খুব উপমা খালো , এম টি আৰৰ উপমা আনি থওঁ , গৰম পানী দিলেই খোৱাৰ উপযোগী হৈ পৰে । এইবাৰ কিটচেনতে সংলগ্ন হলটোৰ চোফাত বহি উপমা খাওঁ , সেইসময়তে অকলশৰীয়া ভাবটো আতৰাবলৈয়ে ফোন কৰো , কেতিয়াবা যদি বাংগালোৰলৈ , কেতিয়াবা অসমলৈ । যিহেতু চেন্নাইত গৰম বহুত বেছি সেয়ে কামৰ মাজে মাজে ৰেষ্ট ল’বই লাগিব , আৰু সেই ৰেষ্টৰ সময়ত মই লিখা – মেলা কৰো , নিতৌ দৰকাৰ হোৱা খোৱা বস্তুৰ অৰ্ডাৰ আদিবোৰ দিওঁ । তাৰপাছত সদায় চোফাখনত চেনিটাইজাৰ ষ্প্ৰে কৰিবলগীয়া হয় , কিয়নো ফ্লেটটোত এনে এবিধ সৰু পৰুৱা আছিল যি কামুৰি দবলা পাতি দিয়ে । তাৰোপৰি মই স্বভাৱতে অলপ চিকচাকো , গতিকে টিভিটোৰ লগতে সৰু দ্ৰয়াৰলগা টেবুলখন সদায় লাইজল দি মোহাৰো । এক ফুৰফুৰীয়া গন্ধত হলটো মলমলাই থাকে । তাৰ পিছত গৈ বিচনা জোকাৰো , সেই কোঠাত যিহেতু এচি চলি থাকে তাৰ কামবোৰ কৰিবলৈ ভাল লাগে । তাৰপিছতে দীঘল ঝাৰুটোৰে দুকোঠালীৰ ফ্লেটটো সাৰো , ম’পাৰেৰে লাইজল দি মোচো । যিহেতু তাত ১১মান বজাত জাবৰ নিয়া মানুহ আহে সেয়ে ১১বজাৰ আগতেই মই ডাষ্টবিন বাহিৰলৈ উলিয়াই দিওঁ । এইকেইখিনি কৰোতেই মোৰ প্ৰায় দুই বা তিনিটা বাজেই , এইবাৰ গা – পা ধুই আহি ভগৱানৰ আগত ধূপ এডাল জ্বলাইহে বিছনাখন পাৰো। তাৰপিছত কমেও ১৫ মিনিট বাগৰ দিওঁ , কিয়নো এয়া মোৰ ককালৰ নিৰ্দেশ , যাক অমান্য কৰাৰ সাহস মোৰ নাই । এইকামবোৰৰ মাজে মাজে ফ্ৰুট জুচ – পানী আদিবোৰ খাই থাকো , কিয়নো ভোকো লাগে লগতে পিয়াহো লাগে । তাৰোপৰি পিয়াহ নালাগিলেও পানী যে খাবই লাগিব , নহ’লে মোৰ প্ৰসাৱ জ্বলে – তলপেট বিষায় । এইসকলোবোৰ কৰি কুকাৰত হাত দিওঁগৈ , আগদিনাৰ ভাত আৰু এটা কণী — এয়াই মোৰ দিনৰ আহাৰ । যিহেতু ল’ৰাই দিনত তাৰ কেন্টিনত খায়েই , নিজলৈ বুলি বনাবলৈ এলাহ । আৰু মোৰ ভাত খোৱাৰ পিছতেই সি আহি পায়হি । মই ভাগৰত এঘোমতি ঠিকচে মাৰো , সাতটাত ৰাতিও হয় , ময়ো উঠো , কেতিয়াবা ল’ৰাও মোৰ লগতে শুৱে , গৰমে তাক ভালকৈ দহে , ভাবি বেয়াও লাগে , অথচ উপায়ো নাই । শুই উঠি ধূপ দি ৰৈ থাকো আগদিনাই অৰ্ডাৰ দিয়া মাছ – মাংসৰ বাবে । অৱশ্যে সময়মতেই দেলিভাৰী হয় , তাৰ পিছত ভাতৰ যোগাৰত লাগো । মেচিনত কাপোৰো ধুই থকা হয় লগে লগে , কিয়নো কাপোৰ শোৱাৰ আগে আগে হলতে মেলি ফেন চলাই শুব লাগে । অৱশ্যে থাকোতে এখন সৰু বেলকনী নথকা নহয় , কিন্তু বান্দৰৰ যি তাণ্ডৱ , সেইখনলৈ পৰাপক্ষত নোলাওৱেই । বেলকণীৰ পানীৰ টেপটো যে কিমান খুলিলে সেইসকলে কি ক’ম আৰু । গতিকে তাত দোৱাৰ – খিৰিকি একো খুলিব নোৱাৰি , খুলিলেও লাঠি এডাল লৈ বহি থাকো , এনে অৱস্থা আমাৰ ।

আমাৰ ওচৰৰ ৰুমবোৰত তেনেকৈ মানুহ নাছিল , আৰু যি আছিল দক্ষিণ ভাৰতীয়লোকহে আছিল , গতিকে ভাষাৰ তাৰতম্যই আমাক আতৰাই ৰাখিলে সদায় । বহুত অকলশৰীয়া অনুভৱ হয় , তেতিয়াই ফোন কৰো মই , গল্প উপন্যাস পঢ়ো । অৱশ্যে ল’ৰা ঘৰত থাকিলে অকলশৰীয়াবোধ নাহে , যদিও সি নিজৰ মাজতে বেছিসময় ব্যস্ত থাকিবলগীয়া হয় । যিয়েই যি নহওঁক , সকলো সিদ্ধান্ত কিন্তু দুয়ো আলোচনা কৰি লওঁ , সাহস বুলিবলৈ ৩০ কিলোমিটাৰ নিলগত থকা দেৱৰৰ ঘৰখন। অৱশ্যে সেই আত্মনিৰ্ভৰশীলতাই আমেজো নিদিয়া নহয় , কেনেকৈ কম টকাৰে ভালকৈ থাকিব পাৰি তাৰো হিচাপ মই সদায় এখন বহীত লিখি ৰাখি যাওঁ । যিহেতু তাত নিজেই সৰ্বেসৰ্ব্বা সেয়ে নিজৰ নিৰাপত্তা , স্বাস্থ্য সকলোপিনে ময়েই চকু দিব লাগে । অৱশ্যে ল’ৰাৰ লগত প্ৰায়বোৰ ক্ষেত্ৰতে আলোচনা কৰা হয় । এনেদৰেই মনৰ আবেগক গুৰুত্ব নিদি বিবেকেৰে চালিত কৰো সকলোখিনি ।

১০১৪চনৰ পৰাই ককালৰ বিষত ভূগি থকা বাবে এপ’ল’ পালোগৈ ল’ৰাক লৈ মই এদিন । অৱশ্যে আহিবৰ সময়ত দেৱৰজনেও লগ দিলেহি । দেৱৰজনৰ কথানো কি ক’ম মই , সি নিজে এজন পি এইচ ডী স্কলাৰ , মাক কেঞ্চাৰৰ ৰোগী , দেউতাকো অসুস্থ , লগ বুলিবলৈ মাথো তাৰ ভণীয়েক এজনী । সি জীৱনৰ সৰ্ববৃহৎ যুজঁখনত আজিও যুঁজি

আছে । মই থাকোতে মোৰ সীমিত সামৰ্থ্যৰে যি পাৰো সহায় কৰিলো , ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো যে কলিযোগৰ এই শ্ৰৱণ কুমাৰজনৰ কষ্ট সাৰ্থক হয় যেন ।

বাৰু যা হওঁক , ৰিপ’ৰ্ট দেখুৱাবলৈ কিন্তু নিজেই গ’লো অকলেই , ষ্পাইন চাৰ্জনজনে মোক সুন্দৰকৈ দেখুৱাই দিলে কোনটো অংশত কেনেকৈ দিচ্ক ওলাই আছে । আকৌ সেইদিনাই ঘূৰি অহাৰ বাটত এটা বস্তুও লগ পালো , যাক হয়টো অসমত হোৱা হ’লে ৰাম ঢুলাই দিলোহেঁতেন । সেইয়া মোৰ বাবে এটা অতি আৱশ্যকীয় শিকনি ৰৈ ৰ’ব জীয়াই থকালৈকে ।

যিহেতু তাত অকলে আছিলো , তাৰোপৰি যিহেতু মোৰ অচিডিৰ প্ৰব্লেম আছে সেয়ে নিজক ফিট ৰাখিবলৈ সকলো ঋণাত্মক চিন্তাধাৰা আৰু সমস্যা সৃষ্টি হোৱাৰ আশংকা থকা সকলোবোৰৰপৰা নিজক নিলগত ৰাখিছিলো , লিখি ভালপোৱা বাবেই বিনাদ্বিদ্ধাই লিখিছিলো , সমাদৰো পাইছিলো , এনেকৈয়েই নিজক স সন্মানেৰে বুৰাই ৰাখিছিলো ।

চেন্নাইট থকা চাৰিটা মাহে মোক শিকালে যে মানুহ সুখত থাকিবলৈ স সন্মানেৰে থাকিবলৈ পাব লাগিব , স্বাধীনতাও অতিকৈ দৰকাৰী এটা বয়সত , তাতোকৈ দৰকাৰী এক শকত দ্বায়িত্বভাৰ মুৰত থকাটো।।।

… ……… ………… ……………(ক্ৰমশঃ)

✍️উজ্জ্বলা বৰদলৈ

Leave a Reply

Your email address will not be published. Required fields are marked *