অনুগল্প

সুখৰ সংজ্ঞা

স্থিতপ্ৰজ্ঞ মনেৰে শিলাখণ্ডৰ টুকুৰাটো কাটি কাটি শিলাকুটি শিল্পীগৰাকীয়ে প্ৰয়াত প্ৰথিতযশা শিল্পীজনাৰ আৱক্ষ মূৰ্তিটো সম্পূৰ্ণ কৰি তুলিবলৈ অহৰহ চেষ্টা কৰিছে, অহা পাঁচ নৱেম্বৰৰ মৃত্যু দিৱসত উন্মোচন কৰিব পৰাকৈ ৷ খৱৰ কৰিবলৈ অহা শুভাকাঙ্খী এজনে তেওঁৰ একাগ্ৰতা ভাঙি সুধিলে, “কেনেকৈ ইমান ধুনীয়া ভাস্কৰ্য আপুনি শিল কাটি কাটি গঢ়ে ? তেওঁ মানুহজনলৈ স্থিৰভাবে এপলক চালে ৷ ক’লে, – “শিলৰ টুকুৰাটো আগৰে পৰাই ধুনীয়া, মই মাত্ৰ অপ্ৰয়োজনীয় খিনি আঁতৰাই দিছোঁ ৷” পিছত পুনৰাই ক’লে, – “তাতেই মোৰ সুখ আনন্দ সকলো ৷ বেয়াখিনি আঁতৰাই পেলাব পৰাৰ আনন্দ ৷ সৌন্দৰ্যমণ্ডিত কৰাৰ আনন্দ !”

ড জয়ন্ত কুমাৰ দাস

Leave a Reply

Your email address will not be published. Required fields are marked *