ধাৰাবাহিক

গৰমৰ বন্ধ

খণ্ড ১

স্কুলৰ গৰমৰ বন্ধত যেনেদৰে ল’ৰা ছোৱালীবোৰৰ মনবোৰ উৰণীয়া আৰু চঞ্চল হৈ থাকে আৰু মামাকৰ ঘৰ, মাহিৰ ঘৰ, ঘাই ঘৰ ইত্যাদিত ফুৰিবলৈ যোৱাৰ প্ৰবল ইচ্ছা থাকে ঠিক তেনেদৰে টিটু আৰু পুতুলৰো ইচ্ছাৰ অন্ত নাই। কিন্তু ইহঁতৰ প্ৰজাতিটো অলপ ব্যত্তিক্ৰম। কাৰন‌ ইহঁত হ’ল হোষ্টেলত থাকি পঢ়া ল’ৰা ।গতিকে ওঁঠ টিপিলে গাখীৰ ওলোৱা বয়সতে ইহঁতে বয়সতকৈ ডাঙৰ হোৱা বুলি এক স্বঘোষিত আন্দোলন গঢ়ি তুলিছিল নিজ পৃথিৱীখনত। তাৰে পৰিণাম আৰু আত্মবিশ্বাস স্বৰূপে সিহঁতে সম্বন্ধীয় সকলৰ ঘৰত ফুৰিবলৈ যোৱাটো এইবাৰ বন্ধত পৰিহাৰ কৰি এক বেলেগ ধৰণৰ ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে কেইদিনমানৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিছিল। অৱশেষত সেই দিনটো চমু চাপি অহাত সিহঁতৰ কিশোৰৰ পৰা যৌবনত ভৰি দিব খোজা দেহ মনটোই এক অচিনাকি শিহঁৰনৰ অনুভব ঘনাই দিব ধৰিলে। সেইদিনা আছিল সিহঁতৰ সহপাঠী কাশ্মীৰিৰ ককায়েকৰ বিয়া।‌ বন্ধৰ আগতেই স্কুলত কাশ্মীৰিয়ে সিহঁত দুয়োকে বৰ আগ্ৰহেৰে মাতিছিল। কাশ্মীৰি আকৌ পুতুলৰ বনাই লোৱা ভনী মানে তাই তাক ৰাশি পিন্ধাই আৰু টিটু হʼল পুতুলৰ লগত এটা গিলাচতে দুভাগ কৰি চাহ খোৱা নলে গলে লগা বন্ধু মানে পাৰ্টনাৰ ইন ক্ৰাইম। টিটুই যেতিয়াৰ পৰা অনুভব কৰা হʼল যে কাশ্মীৰিক দেখিলে তাৰ কোমল হ্ৰদয়খনত কিবা এক বুৰবুৰনি উঠে তেতিয়াৰ পৰাই সি তাইক তাৰ চকুহালেৰে এককোনীয়া কৈ এটা নিৰ্দিষ্ট এংগল বনাই চাই ৰয় আৰু কাশ্মীৰিয়েও সেই এংগলটোৰ কথা গম পাই। তাই যেতিয়াৰ পৰাই ঘৰৰ দেওনাৰ বাহিৰ হৈ হোষ্টেলৰ চৌহদত সোমাল আৰু যৌবনৰ প্ৰথম বা মাৰলিত চকুহালিৰ কোনত কাজলৰ এটা বিশেষ চোকা ভাজ দিব জনা হʼল তেতিয়াৰ পৰাই তাইয়ো যেন নিজে নজনাকে এহাল চকুৰ সন্ধানতে আছিল যʼত তাইৰ কাজলসেৰীয়া চাৱনিয়ে এটা ঠিকনা বিচাৰি পায়। গতিকে টিটুৰ চকুত সেই ঠিকনাৰ সম্ভেদ পাই তাৰ চাৱনিৰ এংগলত তাইয়ো চাৱনি নিক্ষেপ কৰি এক ইন্টাজেক্সন পইন্টত দুয়োৰে চাৱনি মিলাই তাই টিটুৰ মনত এনে এটা ভাবৰ সঞ্চাৰ ঘটাই যেন এই কাজল তাই একমাত্ৰ তাৰ বাবেহে লগাইছে। তাইৰ চকুহালিত ফকাছ কৰাৰ একমাত্ৰ অধিকাৰ মাত্ৰ তাৰহে আছে। বয়জ হোষ্টেলৰ সন্মুখত সন্ধিয়াৰ চাহ কাপ দুভাগ কৰি খাই থাকোতেই কাশ্মীৰিয়ে যিটো লয়লাশেৰে গাৰ্লছ হোষ্টেলৰ পৰা ওলাই আহি বুকুত কিঞ্চিৎ সাহস আৰু দেহত লাস্যময়তাৰ গহণা সানি সেই একে ধৰণৰ কাজলসেৰীয়া চাৱনিৰে তালে চাই ” দাদাৰ বিয়ালে তুমি আহিবই লাগিব” বুলি এটা মিচিকিয়া হাঁহিৰ ৰহণ লগাই কম্পিত কণ্ঠেৰে তাক নিমন্ত্ৰণ দিছিল সেই কথা ভাবিয়ে তাৰ গা মুৰ শিঁয়ৰি উঠে। কেতিয়াবা মাজৰাতি সপোনত তাইৰ সেই নিমন্ত্ৰণীৰ ভঙ্গিমা দেখি চিৰিং কৈ সাৰ পাই উঠে। আজি স্কুল বন্ধ হোৱা দুসপ্তাহ হ’ল। এই দুসপ্তাহত সি যে কেনেদৰে আছে এই দিনটোলে বাট চাই একমাত্ৰ তাৰ বাহিৰে ঈশ্বৰে হে জানে। পুতুলে অৱশ্যে সিহঁতৰ মাজত যে কিবা এটা চলি আছে গম পায়, কিন্তু নিজৰ দাদাকতকে বনাই লোৱা দাদাকৰহে বেছি অভিভাৱকত্ব আৰু অধিকাৰ জহাব যোৱাৰ দৰে সি টিটুৰ সন্মুখত এই বিষয়ত অলপ বেছি গাম্ভীয্যতা দেখুৱাই মুখমণ্ডলখন এক প্ৰকাৰৰ পকা কঠালটোৰ দৰে কৰি ৰাখে।

বিয়াৰ দিনাখন‌ পুৱাই নিজ নিজ ঘৰত মাকে বনাই দিয়া অলপ অলপ মাৰ ভাত খাই দুয়ো বাছষ্টেণ্ডত যোৱা সপ্তাহতে টেলিফোনেৰে কথা পাতি নিৰ্ধাৰণ কৰা সময় মতে আহি উপস্থিত হʼল। বিয়া বুলি তথা কাশ্মীৰিক সম্পূৰ্ণ দুসপ্তাহ পাছত লগ পোৱাৰ মানসেৰে টিটুই নতুনকৈ লোৱা জীন্ছৰ পেন্টটোকে দুবাৰমান ইষ্ট্ৰী কৰি পেন্টটোৰ কিছু অংশত ইষ্ট্ৰীৰ গালখন লগাতকৈ বেছি হেছি দিয়াৰ ফলত চিলনীৰ ওপৰৰ তৰপটোত ইষ্ট্ৰীৰ চাব এটা পৰিল আৰু ৰʼদ পৰোতে সি স্পষ্টকৈ জিলিকি উঠিল। পুতুলেও নতুনকৈ লোৱা ৰঙা চোলাটো এই দিনটোলৈ পিন্ধিম বুলি সাচি ঠৈ দিছিল। লগতে দুদিন আগত ধুই চিকচিকিয়া কৰি থোৱা বগা এক্সন‌ জোতাযোৰো পিন্ধি ওলাল। দুয়ো জনে সেই সময়ৰ টপ ষ্টাইল আৰু ট্ৰেণ্ড ফলো কৰি কাপোৰৰ লগত জোতা মিলাকৈ পিন্ধি বাছষ্টেণ্ডত বুকু ফিণ্ডাই ঠিয় হৈ ৰʼল। দুজন সিহঁততকে সৰু ল’ৰাই ৰাস্তাৰে সিহঁতক ঘূৰি ঘূৰি চাই যোৱাত সিহঁতৰ আত্মবিশ্বাসটো দুগুন বাঢ়ি গʼল। গোটেই বাছষ্টেণ্ডটোত সিহঁতৰ লগত ফেৰ মাৰিব পৰা কোনো নাই। সিহঁতৰ নজৰত বাকী সকলোবোৰ ড্ৰেছিং চেন্স নথকা গঞাঁ। কিছুপৰ পাছত এখন নাক থকা বাছ আহি ৰ’ল। ইতিমধ্যে বাছৰ ভিতৰত এটাও যে চিট নাই ভিৰ দেখিয়ে উমান পালে। গতিকে মিছা মিছি বাছৰ ভিতৰত সোমাই গৰমখনত গেলি থকাতকৈ কাষতে ৰʼল। কণ্ডাক্টৰজনে দুই তিনিবাৰ টেটু ফালি চিঞঁৰাৰ পাছত পাইলটৰ বাবে তামোল আনিবলৈ যোৱা দেখি টিটুৰ অনুভব হʼল যেন ঘৰৰ মাৰভাত খিনি ৰ সোৱাদ মুখৰ পৰা যোৱাই নাই। টপককৈ দোকানৰ পৰা এটা এন.পি. গাম কিনি আনি এটা মুখত লৈ আন এটা পুতুলক দি বাকী তিনিটা পেকেটটোৰ মুখখন ভালকে টিপি দি পকেটত সোমাই লʼলে। জুলাই মাহৰ তীব্ৰ ৰ’দটোত এন.পি. টুকুৰা মুখত দিয়াৰ লগে লগে তাৰ মেণ্ঠল যেন লগা সোৱাদটোই গলটো অলপ ভিজাই পেলোৱাত চাৰি পাঁচ বাৰ মান ইফাল সিফাল কৈ চোবাই কণ্ডাক্টৰে বাছ চলাৰ ইঙ্গিত দিওঁতেই দুৱাৰ মুখত লপককৈ উঠি লʼলে। বাছ চলিবলৈ ধৰিল।

মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ

Leave a Reply

Your email address will not be published. Required fields are marked *