অনুগল্প

সুখ

ধনেৰে প্ৰেম জোখা তৃষাই ধনী ব্যৱসায়ী বৰুৱা পৰিয়ালৰ বোৱাৰী হৈ যেতিয়া আভিজাত্যৰ টেগ মাৰ্কটো লগাই ওঁঠত বাধ্যতামূলক হাঁহিটো ওলোমাই পাৰ্টি এনজয় কৰি থকা মুহূৰ্তত অকস্মাত নিয়োজিত ৱেটাৰ সকলৰ ভিতৰত নিজৰ পুৰনি প্ৰেমিক তন্ময়ক দেখে তাইৰ নজনাকৈয়ে বুকুৰ দুখবোৰ চকুলো হৈ ওলাই আহে।

ইফালে তন্ময়ৰ সঁচা প্ৰেমত জিকমিকাই থকা মালিতাই যেতিয়া তন্ময়ৰ দিনহাজিৰা কৰা পইচাৰে ৰাতিৰ সাজ ভালকৈ যোগাৰ কৰি তাইৰ স্বামী তন্ময় আৰু পুত্ৰক সন্তোষেৰে খোৱাই তুলিব পাৰে তাইৰ সুখেৰে ভৰা মুখ খন যেন পূৰ্ণিমাৰ জোনটিত কৈয়ো উজ্জ্বল হৈ জিলিকি উঠে।

চয়নিকা নাথ

Leave a Reply

Your email address will not be published. Required fields are marked *