চিনেমা

Is Love Enough Sir

মহাৰাষ্ট্ৰৰ ভিতৰুৱা গাওঁ এখনৰ পৰা মুম্বাই চহৰত বনকৰা মহিলা ৰূপে নিয়োজিত ৰত্না ৷৷

ঘৰৰ পৰা মুম্বাইলৈ আহোতে বাটত বেগৰ পৰা উলিয়াই নীলা খাৰু দুমুঠি পিন্ধে দুয়োখন হাতত, একেই দুমুঠি খাৰু মুম্বাইৰ পৰা ঘৰলৈ যাওঁতে ঘৰ পোৱাৰ আগমূহুৰ্তত গাড়ীৰ ভিতৰতে খুলি পুনৰ বেগত ভৰাই লয় ৷৷ বিয়াৰ চাৰিমাহৰ পিছতে স্বামীৰ বিয়োগ হোৱা বিধবা ৰত্না ৷৷

নিউইয়ৰ্কত হব লগীয়া বিয়াখন বাকদত্তাই বাতিল কৰি দিয়াত পুনৰ ঘৰলৈ ঘূৰি অহা ৰিয়েল ষ্টেট বিল্ডাৰৰ পুত্ৰ নিসংগ অশ্বিন ৷৷

সীমাহীন শূণ্যতাৰ মাজতে দুয়োটা জীৱন, অশ্বিনৰ আৰু বনকৰা মহিলা ৰত্না দুয়ো নিজৰ নিজৰ কক্ষ পথত সন্ধান কৰিছে কেবল জীৱন জীয়াই থকাৰ যোগাত্মক দিশবোৰৰ ••••

ৰত্নাই ঘৰুৱা কামৰ মাজতে দুঘন্টা ওলাই যায় দৰ্জীৰ দোকানত চিলাই কাম শিকিবলৈ,

অশ্বিনে সোধে “তুমি তাৰমানে দৰ্জী হবলৈ বিচৰা?”

ৰত্নাই কয় “নহয়, ফেশ্বন ডিজাইনাৰ  !!”

অতিশয় অগতানুগতিক ভাবে নিৰ্মান কৰা হৈছে এটা সহজ সৰল কাহিনীক ৷৷ বনকৰা মহিলা আৰু মালিকৰ মাজৰ ব্যৱধানক সম্পূৰ্ণ ৰূপে স্পষ্টকৈ ৰাখি চিনেমাখনত দেখুওৱা হৈছে কিদৰে কেবল উচ্চকাংখা আৰু যোগাত্মক চিন্তাধাৰাই মানুহৰ মনত প্ৰেমৰ উন্মেষণ ঘটাব পাৰে ৷৷

চিনেমাখনৰ আৰম্ভনিৰ পৰা শেষলৈ শাৰিৰীক আকৰ্ষণ বা যৌণতাৰ স্থান নাই ••••

ৰত্নাই বুজাই দিয়ে অশ্বিনক কেবল প্ৰেমেই জানো সকলো এই পৃথিবীত? মানুহৰ মাজত প্ৰচলিত শ্ৰেণীগত বৈষম্যৰ মাজত তাই কাৰোৰে বাবে হাঁহিয়াতৰ পাত্ৰ হব নিবিচাৰে  !!

শেষত প্ৰেমৰেই জয়, প্ৰচলিত পৰিয়ালকেন্দ্ৰীক দণ্ড আৰু বিবাহৰ বিপৰীতে দুয়ো দুয়োৰে পৰা আতৰি যায় কিন্তু ৰত্নাৰ ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোনটোত পুনৰবাৰ নিউয়ৰ্কলৈ গুছি যোৱা অশ্বিনে সাৰ্থক হোৱাত সহায় কৰে ৷৷

চিনেমাখনৰ কাহিনীৰ আটাইতকৈ ভাল লগা দিশটো হল ইয়াত কোনেও কাৰো ওচৰত সমৰ্পণ কৰা নাই, কোনেও কাৰো চিন্তাধাৰাক ভুল বুলি কোৱা নাই ৷৷ সম্পূৰ্ণ স্বাভিমানৰ মাজত নিজৰ নিজৰ সুখৰ সন্ধানৰ এক অবিৰত পৰিক্ৰমা ৷৷

হয়তো এইবছৰ ভাৰতৰ অস্কাৰ নমিনেশ্বন হব এই ছবিখন, মূখ্য সম্পদ ৰত্নাৰ চৰিত্ৰত তিলোত্তমা সোমৰ অভিনয়, পৰিপক্ক চিত্ৰনাট্য আৰু পৰিচালনা ৷৷

Cannes Film Festival ৰ original Ambitious Cinema বঁটা লাভ কৰিছে ছবি খনে ৷৷

বাপুকন চৌধুৰী

Mr and Mrs iyer movie review

Leave a Reply

Your email address will not be published. Required fields are marked *