খাদ্য সম্ভাৰ

তিলপিঠা বা খোলাপিঠা

উপকৰণ সমূহ :

বৰা চাউল

তিল

গুড়

কমলাৰ বাকলি (নিদিলেও হয়)

প্ৰণালী :

বৰাচাউল খিনি ৰাতিয়েই বা তিনি ঘন্টামান তিয়াই টুকি খুন্দি মিহি গুড়ি চালনীৰে চালি চৰিয়া এটাত হেচি থৈ ওপৰত কলপাত বা তিতা কাপোৰেৰে ঢাকি থব লাগে। এতিয়া জুইত টাৱা বা কেৰাহী পাতি এহেতা পিঠাগুৰি তাৱাত দি পাতলাই তাত পিহা তিল আৰু গুড়ৰ (কমলা বাকলিৰ গুড়িও দিব পাৰি) মিশ্ৰণটো দি তাড়ু বা হাতেৰে গোল কৰি তাৱাৰ কাষলৈ অলপ জৰজৰিয়া হ’বলৈ থৈ দিব লাগে।

👨‍🍳 নয়নী হাজৰিকা

Leave a Reply

Your email address will not be published. Required fields are marked *